কাৰ্যবাহী সম্পাদকৰ একলম

উৎপল কুমাৰ দাস

জাংফাইৰ এইটো তৃতীয় সংখ্যা,ইংৰাজীৰ মাৰ্চ মাহ ৷ অসমীয়া ফাগুন মাহ,তাৰমানে সমাগত বসন্ত ৷ আমি দেখোন এই সংখ্যাক ‘বসন্ত সংখ্যা’ বুলিও অভিহিত কৰিব পাৰোঁ ৷ তেনেহ’লে অহা সংখ্যাতো হ’ব ‘গ্ৰীষ্ম সংখ্যা’ ৷ নগৰ-মহানগৰৰ কংক্ৰীটৰ অৰণ্যত মানুহৰ ঋতুৰ কথা মনত নপৰিলেও ঋতুৱে কিন্তু নাপাহৰে সময়ৰ কথা ৷ মানুহৰ বন্ধ নাক, শুকান ডিঙি, এলাৰ্জীয়ে বসন্তৰ সংকেত দি দিয়ে ৷ বজাৰৰ আজিকালিৰ বাৰমহীয়া ফুলকবি, বন্ধাকবিৰ মাজতে জিলমিল, মাটিকাঁদুৰী, খুতুৰা শাকে বাৰমহীয়া পাচলিৰ মাজতে আমাক মনত পেলাবৰ চেষ্টা কৰে ঋতুৰ পৰিৱৰ্তনৰ কথা, বসন্তৰ কথা ৷ আমি মানুহে কৰ্মব্যস্ততাৰ বাবেই হওক বা অন্য কাৰণৰ বাবেই হওক ঋতু পৰিৱৰ্তনৰ ভূ নাপাওঁ বা নলওঁ ৷

সাহিত্যও তাৰ ব্যতিক্ৰম নহয় ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ পাটমুগী গল্পৰ পকা ঔ টেঙাৰ উল্লেখ নিশ্চয় এই বসন্ত কালৰ গল্প ৷ গতিকে ঋতুৰ লগত সংগতি ৰাখি দুই-এটা গল্প বা কবিতা জাংফাইত প্ৰকাশ কৰিব পাৰিলে হয়তো জাংফাইৰ সৌন্দৰ্য বাঢ়িলেহেতেঁন ৷ লেখক-লেখিকা সকললৈ এটি অনুৰোধ ৷

উৎপল কুমাৰ দাস

ফোন: ৯৪৩৫০১২১৯১

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…