উকমুকনি

ডলী নাথ

১

জেওৰা ভাঙি সোমাই আহিল ফাগুন এজাক

তাই তালফাল খাই পৰিল পিৰালিত

কাইলৈ সিও অহাৰ কথা !

তাই তাক ক’ম ক’ম বুলি সাঁচি ৰখা কথা এমুঠি

আজি ৰ’দত দিছে

ৰাতি শুবৰ পৰত মোক কৈছিল

কথা মুঠি হেনো সেমেকা সেমেকা গোন্ধাইছে

কাইলৈ সি অহাৰ কথা !

সিদিনা চলিব ধৰা নাওখনত উঠিব পৰাকৈ

তাইৰ ওচৰত বহুতো কাৰণ আছিল

নৈৰ সিপাৰে ব’হাগ ৰৈ থকাৰ খবৰ পায়ো

ইপাৰৰ ফাগুন এৰি যাব পৰাৰ কাৰণ বহুতো আছিল

নাওখন গুছি গ’ল

তাই ইপাৰতেই ৰ’ল ৷

সি আহিছিল কিছুপৰ পিছত,

লগতে আহিছিল গুলঞ্চৰ সুবাস

তাইৰ পদূলিত গুলঞ্চ নুফুলে,

কি জানো আৱেগৰ খেলিমেলি হ’ল ৷

তাই ৰৈ গ’ল ৷

উকমুকনি এটা মোৰ বুকুত গুজি

তাই সাৰে থাকিল গোটেই নিশা

কাইলৈ সি অহাৰ কথা !

 ২

নাৰিকল জোপাত বহি

ৰ’দজাকে টোপনিয়াই আছিল…

তাই মুখত হালধি ঘঁহিছে

আজি সি অহাৰ কথা !

জপনাৰ শব্দত

তাই চোতাল পালেহি ৷

তাক দেখি সৰি পৰিল ফাগুন এজাক

তাইৰ বুকুৰ খিৰিকীৰে সৰকি গ’ল এচলু ৰঙা

কৃষ্ণচূড়া…

ৰ’দজাক কোচতে লৈ

গাতে লাগো নলগাকৈ

তাই বহিল তাৰ ওচৰতে…

কওঁ নকওঁকৈ তাই কৈ গ’ল…

– ‘মোৰ প্ৰায়েই তোলৈ মনত পৰে…

তোলৈ চাই থাকোঁতেও তোলৈ মনত পৰে

মোক ‘মোৰ’ দৰে

তোক ‘তোৰ’ দৰে

আমি ইজনে সিজনক নেদেখিলো কাহানিও ৷

যি দেখিলোঁ, সেয়া মাথো ভগ্নাৱশেষ ৷

লগ পোৱা নহ’ল কাহানিও

কথা পতা নহ’ল কাহানিও…’

কি জানো উত্তৰ বিচাৰি তাই তালৈ চালে,

টোপনিৰ ভৰত সি

হাউলি পৰিছিল ৰ’দজাকত

তাৰ চোলাৰ জেপৰ পৰা সৰি পৰিল

এপাহ গুলঞ্চ,তাই পদূলিলৈ চালে

নাই !

এইবেলিও ফুলা নাই গুলঞ্চজোপা…

ডলী নাথ
ফোন: ৭৮৯৬৯৯৯২৭৩

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…