✍ কাৰ্যবাহী সম্পাদকৰ একাষাৰ

উৎপল কুমাৰ দাস



ঐতিহাসিক অসম একাডেমিৰ পৰা প্ৰকাশ কৰা ‘জাংফাই’আলোচনীৰ এইটো দ্বিতীয় সংখ্যা ৷ এই সংখ্যাৰ পৰা পূৰ্বৰ PDF ফৰমেট পৰিহাৰ কৰি সম্পূৰ্ণ website হিচাপে ‘জাংফাই’ক সজোৱা হৈছে ৷ এই সংখ্যাৰ পৰা জাংফাইক এটা স্বতন্ত্ৰ website হিচাপে প্ৰতি দুমাহৰ মূৰে মূৰে নিয়মীয়াকৈ আলোচনী হিচাপে প্ৰকাশ কৰা হ’ব ৷ অসমৰ লগতে সমগ্ৰ পৃথিৱীৰ অসমীয়া পঢ়ুৱৈয়ে জাংফাইক পঢ়িব পাৰিব ৷ অসমৰ এগৰাকী বৰেণ্য সাহিত্যিক, সংগঠক, গৱেষক বিৰিঞ্চি কুমাৰ বৰুৱাই ৬০ দশকত প্ৰতিষ্ঠা কৰা অসম একাডেমিৰ নিজৰ লক্ষ্য উদ্দেশ্য আৰু সংহতিৰ নীতিক এই আলোচনীয়ে বহন কৰিব পাৰিব বুলি আশা কৰা হৈছে ৷ ৬০ দশকৰ দৰে বিক্ষিপ্ত, বিভ্ৰান্ত আৰু ৰাজনৈতিক বিষবাস্পৰে ভৰি পৰা বাতাবৰণ আমাৰ সমাজত এতিয়াও শেষ হৈ যোৱা নাই ৷ এনে বাতাবৰণত অনৈক্য আৰু অস্থিৰতাবোৰ যাতে আৰু বাঢ়ি নায়ায় তাৰবাৰে আমি বিশেষভাবে সচেষ্ট হ’ব লাগিব ৷ সেয়েহে ‘জাংফাই’ত আমি সকলোধৰণৰ ৰাজনৈতিক,
মতাদৰ্শগত সংঘাত আৰু পৰিস্থিতি উদ্ৰেক কৰিব পৰা লেখা পৰিহাৰ কৰি চলিম ৷ ইয়াৰ পৰিবৰ্তে সকলোধৰণৰ সৃষ্টিশীল লেখাক গুৰুত্ব দিয়া হ’ব ৷ অসমীয়া বহুলোক বৰ্তমান দেশ – বিদেশত নিগাজিকৈ থাকিবলৈ লৈছে ৷ সেই সকলৰ লিখনিও আমি জাংফাইত সন্নিবিষ্ট কৰি ‘প্ৰৱাসীৰ শিতান’ এটা সংযোজন কৰিবলৈ আগ্ৰহী ৷ উদ্ভাৱনশীল, কলা-সংস্কৃতি – শিল্প বিজ্ঞান – প্ৰযুক্তি, অনুবাদ আৰু সাহিত্যৰ বিৰ্তকবহিৰ্ভূত লেখাকহে গুৰুত্ব দিয়া হ’ব ৷ এইবোৰৰ উমাল চৰ্চাৰ মাজেৰে ‘জাংফাই’য়ে সংহতি আৰু সম্ভাৱনাৰ লক্ষ্যলৈ আগবাঢ়িব পাৰিব বুলি আশা কৰা হৈছে ৷ সকলো স্তৰৰ লোকৰ পৰা সহযোগিতা কামনা কৰা হ’ল ৷

উৎপল কুমাৰ দাস
ফোনঃ ৯৪৩৫০১২১৯১

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…