এটা কথা সত্য যে স্মৃতি যি বিষয়ৰে নহওঁক কিয়, সি কিমান বেছি দিনলৈ সৰ্বসাধাৰণৰ মাজত প্ৰাসংগিক হৈ থাকিব, সেইটো নিৰ্ভৰ কৰে সেই স্মৃতিৰ গভীৰতাৰ ওপৰত। সাহিত্যও তাৰ ব্যতিক্ৰম নহয়। এই পৃথিৱীত এতিয়ালৈকে কিমান সাহিত্যিকৰ লেখা সৃষ্টি হ’ল, তাৰ লেখ-জোখ নাই। তাৰে কিছুমান আজিও প্ৰাসংগিক হৈ আছে। অন্য কিছুমান হয়তো পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে। তেনেকুৱা এজন মহান ব্যক্তি হৈছে উইলিয়াম শেক্সপীয়াৰ, যি আজিও প্ৰাসংগিক। সেইজনা মহান ব্যক্তিৰ জন্ম হৈছিল ২৩ এপ্ৰিল, ১৫৬৪ চনত। এইজনা ব্যক্তিৰ জন্ম সময়ৰ লগত ৰজিতা খোৱাই জাংফাই‘ৰ এই সংখ্যাটো সজাই পঢ়ুৱৈলৈ আগবঢ়োৱা হ’ল।
উৎপল কুমাৰ দাস
ফোন: ৯৪৩৫০১২১৯১



