কাৰ্যবাহী সম্পাদকৰ একাষাৰ

উৎপল কুমাৰ দাস

এটা কথা সত্য যে সৃষ্টি যি বিষয়ৰে নহওঁক কিয়, সি কিমান বেছি দিনলৈ সৰ্বসাধাৰণৰ মাজত প্ৰাসংগিক হৈ থাকিব, সেইটো নিৰ্ভৰ কৰে সেই সৃষ্টিৰ গভীৰতাৰ ওপৰত। সাহিত্যও তাৰ ব্যতিক্ৰম নহয়। এই পৃথিৱীত এতিয়ালৈকে কিমান সাহিত্যিকৰ লেখা সৃষ্টি হ’ল, তাৰ লেখ-জোখ নাই। তাৰে কিছুমান আজিও প্ৰাসংগিক হৈ আছে। অন্য কিছুমান হয়তো পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে। তেনেকুৱা এজন মহান ব্যক্তি হৈছে উইলিয়াম শেক্সপীয়াৰ, যি আজিও প্ৰাসংগিক। সেইজনা মহান ব্যক্তিৰ জন্ম হৈছিল ২৩ এপ্ৰিল, ১৫৬৪ চনত। এইজনা ব্যক্তিৰ জন্ম সময়ৰ লগত ৰজিতা খোৱাই জাংফাই‘ৰ এই সংখ্যাটো সজাই পঢ়ুৱৈলৈ আগবঢ়োৱা হ’ল।

উৎপল কুমাৰ দাস

ফোন: ৯৪৩৫০১২১৯১

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…