তোমাৰ দুয়োখন হাত মই চুব খোজোঁ

কৃষ্ণা বৰা

কেনেবাকৈ এদিন আন্ধাৰত তোমাৰ

হাতদুখন চুই চাব খোজোঁ,

আনুভূমিক পথ এটাৰ দৰেই পৰি

থকা হাতদুখনৰ ওপৰেৰে মোৰ

আঙুলিবোৰক মই খোজকঢ়াই

চাব খোজোঁ

তুমি আঙুলিবোৰ ওপৰলৈ তুলি দিলে

কিলাকুটিলৈকে বৈ আহে নেকি

দুখজনক কাৰোবাৰ অনুপস্থিতি ?

প্ৰতিবাৰেই প্ৰাৰ্থনাৰ বাবে ওপৰলৈ

উঠাওতে খালী হোৱা

দুয়োখন হাতত কি বান্ধি ৰাখা…

আন্ধাৰ নে সন্ধিয়া ?

আঙুঠিৰ নেওঠনিক তুমি এনেও

বিশ্বাস নকৰা বুলি জানো

তুমি ভাবা নেকি আঙুঠিবোৰত

ফাঁচ লাগি তোমাৰ আঙুলিবোৰে

আত্মহত্যা কৰিব ?

আঙুলিবোৰ মৰিলে

তোমাৰ প্ৰিয়তমাৰ শেষ স্পৰ্শও মৰি যাব

বুলিয়েইতো তুমি চাগে

ভয়তে আঙুঠি নিপিন্ধা ৷

যি হওঁক,

পৃথিৱীৰ সমস্ত আবেদন এতিয়া

মই তোমাৰ হাততেই দেখোঁ

বিপৰীতে তুমি মাথোঁ দেখা

তোমাৰ প্ৰেমৰ ভাগি যোৱা

বেবিলনৰ বাগিচা ৷

তুমি মুঠি মাৰি ৰখা হাতৰ

মানচিত্ৰ দুখন

হঠাৎ মই টানি

ৰ’দলৈ নি মেলি দিব খোজোঁ ৷

বৈ যাওক সমস্ত আবেদন

শুকাই যাওঁক সোঁৱৰণি

নোহোৱা হোৱা মানুহবোৰ

নোহোৱা হোৱাৰ কতদিন

পিছতো তোমাৰ হাতত পুতি লৈ

ফুৰা,

হয়নে ?

সেয়ে তোমাৰ হাতদুখন উৎকট

পুৰণি-পুৰণি গোন্ধায় ৷

সেই গোন্ধত কোনোবা দুপৰীয়া এটাত

মই এদিন বেমাৰত পৰিম ৷

মই অসুখী হৈ পৰাৰ আগত

তোমাৰ ৰ’দাই লোৱা হাতত

টিউলিপ ৰুম

আৰু হাত উঠালেই কিলাকুটিলৈ

পিছলি অহা অনন্ত দুখবোৰক

যিমান পাৰো মুঠিতেই ধৰি ভেটা

দিম ৷

কেনে মধুৰতম বিষয়বস্তু

এতিয়া তোমাৰ হাতদুখন ৷

পাঁচটা নখচন্দ্ৰৰ ধৱল শীতলতাত

বহি এদিন মই মোৰ মৃত্যুক

আহ্বান কৰিম ৷

তুমি ভালকৈয়ে জানা যে

মৃত্যু মোৰ প্ৰতিবাদী কোৰাছ ,

কোৰাছৰ লয়ৰ নিৰ্দেশনা

দিবলৈয়ে মোক তোমাৰ হাত

দুখন লাগিব ৷

ঈশানৰ এটা কোণত তুমি থিয় হ’লে

আঙুলিৰ পৰা কিলাকুটিলৈকে

টিউলিপ গজি ভৰি উঠাৰ দিনা

মই আহিম ৷

তুমি,

পৃথিৱীৰ যিকোনো এটা প্ৰান্তৰ পৰা বগুৱাবাই আহি

মোক আকোঁৱালি ল’বা ৷

তোমাৰ দুয়োখন হাতক মই

এইমাত্ৰ নামকৰণ কৰিলোঁ

পৃথিৱীৰ একমাত্ৰ যঁমজ

আশ্চৰ্যৰূপে ৷

কৃষ্ণা বৰা
ফোন: ৮৪০৩০৮২০৮

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…