নিমখ

নীলিম কুমাৰ

ফোন নং: ৯৯৫৪৬২৩০৪৩

দুখৰ দৰে
নিমখ বগা
ধক্ধকীয়া
নিমখ আন একো নহয
দুখ
এই যে পৃথিবীৰ তিনিভাগ পানী
জগতৰেই চকুপানী
য’ৰ পৰা হয় নিমখৰ জন্ম

নিমখ খাওঁ বাবেই
আমাৰ তেজ লুণীয়া
অশ্ৰু লুণীয়া
ঘাম লুণীয়া
আনকি হৃদয়ো

হৃদয়তো দুখৰেই ভঁৰাল
লোণৰেই ভঁৰাল
সেয়েহে হৃদৰোগীয়ে
নিমখ খোৱা প্ৰায় মানা

নিমখ খাওঁ বাবেই
আমি দুখত পৰোঁ
সেয়েহে আমাৰ জীৱনৰ
তিনিভাগেই দুখ

তথাপি নিমখ সকলোৰে প্ৰিয়
নিমখ নহলে আমাৰ পেটলৈ ভাত নাযায়
নিমখ নহলে সকলো সোৱাদ হয় মিছা
আমাৰ জিভাই আটাইতকৈ পছন্দ কৰে নিমখ
কাৰণে অকাৰণে আমি নিমখ খাওঁ
কাৰণে অকাৰণে আমি দুখ পাওঁ
সুখতো আমাৰ চকুলো নিমখীয়া
দুখতো আমাৰ চকুলো নিমখীয়া
শিশুৱে নিমখ নাখায়
সিহঁতক গাখীৰত মিহলাই দিব লাগে আনন্দ
অৰ্থাৎ চেনি
তাৰ পাছত লাহে-লাহে এদিন
সিহঁতেও ভাল পাই উঠে নিমখ

তেতিয়া মাকে প্ৰতিবেশীৰ আগত
ঘোষণা কৰে যে
তেওঁৰ লৰা-ছোৱালীহালে গাখীৰ নাখায়

ভাল পায় কেৱল নিমখীয়া
কেৱল নিমখীয়া

এনেকৈ শিশুবোৰো লাহে-লাহে
নিমখৰ চিকাৰ হয়
দুখৰ চিকাৰ হয়

গছ-গছনিয়েও নিমখ ভাল পায়
নিমখ পালে সিহঁত বাঢ়ে
হাবিৰ জন্তুৱে
নিমখ ভাল পায়নে
নাপায় নাজানো
পালেও ক’ত পায়
কেনেকৈ খায় নাজানো
কিন্তু ঘৰচীয়া গৰু-ছাগলীয়ে
নিমখ ভাল পায়

নিমখ খুৱাই গৃহস্থই সিহঁতক
নিজৰ দুখৰ সমভাগী কৰিব খোজে

এদিন নিমখে মোক সুধিছিল
হাতীৰ সৈতে তাৰ কি সম্পৰ্ক যে
হাতী মৰিলে
নিমখেৰে পুতিব লাগে?

সুধিছিল–
সেই শক্তিশালী জন্তুটোৰ ভিতৰতো
কিবা দুখ আছে নেকি
যে নিমখেৰে ঢাকিব লাগে?

মই উত্তৰ নিদিলো
নিমখক কেনেকৈ বুজাওঁ মানুহৰ বিজ্ঞান
নিমখো আৱেগিক
মানুহ শেষ হৈ গ’লেও
নিমখ থাকিব
পৃথিৱী শেষ হৈ গ’লেও
নিমখ থাকিব

কাৰণ তেতিয়া ঈশ্বৰে চকুলো টুকিব
আৰু চকুলো মানেইতো নিমখ !
নিমখ থাকিব নিমখ থাকিব
ঈশ্বৰৰ চকুলো হৈ

এই ৰহস্যময় আৰু
গভীৰ চৰিত্ৰৰ নিমখ
যিয়ে আমাক ইমান দিছে ইমান দিছে
যিয়ে আমাক দিছে সাঁতুৰিবলৈ

অশ্ৰুৰ এখন সমুদ্ৰ
যিয়ে আমাৰ জীৱনক শিকাইছে
অনন্য সুন্দৰ দুখৰ পাঠ–
সেই নিমখক মোৰ নমস্কাৰ
সেই নিমখক মোৰ নমস্কাৰ!

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…