পানী শেষ

✍নূপুৰ হাজৰিকা

Water water everywhere
nor any drop to drink.
– Coleridge


পানী শেষ ৷

ক’তো নাই পানী এটোপ ৷

কলহ ফুটা
নৈ-বিল শুকান
বুকুৰ খাল বাম
চকুৰ কোণত লুণীয়া শুকান দাগ
ক’তো নাই পানী৷

দিনৰ পিছত দিন ধৰি
মাহৰ পিছত মাহ ধৰি
খান্দি থাকিলেও
নাদৰ পানী নোলায় ৷

হিয়া ঢাকুৰিয়াই কান্দি থাকিলেও এটোপ পানী
নসৰে চকুৰ ৷

বুকু বাম, শুকান ৷
আকাশেই শুকান, বিজুলীৰ জুই আছে ,
বৰষুণ নাই৷
মেঘৰ আৰ্তনাদ
যুদ্ধ ভূমিত হাঁহাকাৰ
শিশুৰ ডিঙি শুকাই আহিছে
হেজাৰ হেজাৰ শিশুৰ দেহ
হাঁড়লৈকে শুকাল,
বৰষুণ নাই এটোপ৷

কান্দিবলৈ দূখ এটা লাগিছিল পৃথিৱীক
আৰু আকাশখন কন্দুৱাব পৰাকৈ এজাক মানুহ,

দূখ নাই
দূখ নাইসূখৰ সাগৰত ওপঙি থকা মানুহৰ ওঁঠত লুণীয়া
নিমখ ৷

নূপুৰ হাজৰিকা
ফোনঃ ৭৫৭৭৮৭১০৯৮

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…