প্ৰশ্নোত্তৰ

কুশল দত্ত

আমাৰ অকণমানিটোৱে তাৰ ছবিৰ বহীত টিলা এটা আঁকে
অঁকাৰ শেষত টিলাটোৰ নাম দিয়ে–প্ৰশ্ন
আমাৰ অকণমানিটোৱে তাৰ ছবিৰ বহীত পাহাৰ এটা আঁকে
অঁকাৰ শেষত পাহাৰটোৰ নাম দিয়ে–প্ৰশ্ন
আমাৰ অকণমানিটোৱে তাৰ ছবিৰ বহীত পৰ্বত এটা আঁকে
অঁকাৰ শেষত পৰ্বতটোৰ নাম দিয়ে–প্ৰশ্ন

কণমানিটোৱে তাৰ ছবিৰ বহীত সাগৰ এখন আঁকে
কণমানিটোৱে তাৰ ছবিৰ বহীত পৃথিৱীখন আঁকে
কণমানিটোৱে তাৰ ছবিৰ বহীত জোন-বেলি-তৰা আঁকে
কণমানিটোৱে তাৰ ছবিৰ বহীত সৌৰজগতখন আঁকে
কণমানিটোৱে তাৰ ছবিৰ বহীত হাতিপটি আঁকে

তাৰ পাছত প্ৰশ্ন প্ৰশ্ন প্ৰশ্ন প্ৰশ্ন প্ৰশ্ন আঁকে
দশোদিশে ইমান প্ৰশ্নৰ পাছতো ৰৈ যায় তাৰ আৰু অগণিত প্ৰশ্ন

লাহে লাহে কণমানিটোৱে আঁকিবলৈ তাৰ ছবিৰ বহীত আৰু পাত নাথাকে
প্ৰশ্নবোৰ দিনে দিনে ডাঙৰ হৈ যায়- সৰু হৈ যায় তাৰ বহীৰ পাতবোৰ
নঅঁকা ব্ৰহ্মাণ্ডখনৰ ছবি এইবাৰ সি আঁকিবলৈ আৰম্ভ কৰে বুকুৰ কেনভাছত

ব্ৰহ্মাণ্ড নামৰ কেনভাছখনৰ বাবে
কণমানিৰপৰা গৈ চেমনীয়াটো যেতিয়া নিজেই এটা প্ৰশ্নবোধক
একে সময়তে মোৰ বাবে সি এটা সৰ্বোত্তম উত্তৰ

ফোন নং: ৯৪৩৫০৪৭০৫৩

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…