বুকুৰ ঘা বোৰ পুৰণি হয়
চহৰখন পুৰণি হয়
দালানবোৰ পুৰণি হয়
পোছাকবোৰ পুৰণি হয়
পুৰণি হয় পাহাৰ খনৰ স্মৃতি
পুৰণি হয় অৰণ্যখনৰ সৰাপাতে ঢকা বাট
পুৰণি হয় নৈখনৰ ৰূপবৰ্ণ ঘাট
পুৰণি হলেই গভীৰ হৈ আহে দুখৰ আহযাহ
পুৰণি দুখ ইমান গহীন!
পুৰণি হলেই কমি আহে দলানবোৰৰ আকৰ্ষণ
তাত বসবাস কৰাৰ হাবিয়াস
পুৰণি হ’লেই দেওলগা হৈ পৰে অৰণ্য
পুৰণি হ’লেই শৰীৰৰ পৰা নিৰ্বাসিত হয় পোছাক
সকলো নতুনৰে পুৰণি হোৱা
নিয়তিৰ পৰিহাস
সকলো পুৰণি হয়
জন্ম দিবলৈ উচুপনিক
বৰষুণ পুৰণি নহয় হে নহয়
মোৰ প্ৰেমক নকৈ চিকুণাই ৰাখিবলৈ
বৰষুণ পুৰণি নহয়।
ফোন নং:৯১৮১১৯৯৯৪৩
জ্যোতিস্মৰণ: Joymoti: Pioneering Social Realism in Indian Film
Jyotiprasad was a keen observer of cinema, a practitioner of music and a voracious reader. While in the UK and UFA in Berlin, he was fairly influenced by the Russians, by the German impressionist style of filmmaking, and partly by Franz Osten. Long before he had…




