বুকুৰ ঘা বোৰ পুৰণি হয়
চহৰখন পুৰণি হয়
দালানবোৰ পুৰণি হয়
পোছাকবোৰ পুৰণি হয়
পুৰণি হয় পাহাৰ খনৰ স্মৃতি
পুৰণি হয় অৰণ্যখনৰ সৰাপাতে ঢকা বাট
পুৰণি হয় নৈখনৰ ৰূপবৰ্ণ ঘাট
পুৰণি হলেই গভীৰ হৈ আহে দুখৰ আহযাহ
পুৰণি দুখ ইমান গহীন!
পুৰণি হলেই কমি আহে দলানবোৰৰ আকৰ্ষণ
তাত বসবাস কৰাৰ হাবিয়াস
পুৰণি হ’লেই দেওলগা হৈ পৰে অৰণ্য
পুৰণি হ’লেই শৰীৰৰ পৰা নিৰ্বাসিত হয় পোছাক
সকলো নতুনৰে পুৰণি হোৱা
নিয়তিৰ পৰিহাস
সকলো পুৰণি হয়
জন্ম দিবলৈ উচুপনিক
বৰষুণ পুৰণি নহয় হে নহয়
মোৰ প্ৰেমক নকৈ চিকুণাই ৰাখিবলৈ
বৰষুণ পুৰণি নহয়।
ফোন নং:৯১৮১১৯৯৯৪৩
কাৰ্যবাহী সম্পাদকৰ একাষাৰ
‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…



