কাৰ্যবাহী সম্পাদকৰ একাষাৰ

উৎপল কুমাৰ দাস

মানুহৰ জীৱনত বিভিন্ন বস্তু/উপাদানৰ আৱশ্যক হয় বিভিন্ন সময়ত। জীৱন পৰিক্ৰমাত আৱশ্যকীয় বস্তু/উপাদানৰ তালিকাখন সদায় বাঢ়ি গৈ থাকে আৰু কব নোৱাৰাকৈয়ে ই এসময়ত এনে এটা অভাৱনীয পৰ্যায় পাইগৈ যে তাক নিয়ন্ত্ৰণ কৰাটো একপ্ৰকাৰৰ কঠিন হৈ পৰেগৈ। মানুহে লোভৰ বশবৰ্তী হৈ জীৱনৰ সৌন্দৰ্যবোধৰ কথা পাহৰি যায় (সকলোৰে ক্ষেত্ৰত অৱশ্যে প্ৰযোজ্য নহয়)। বৰ্তমান যুগত মানুহৰ কৰ্মব্যস্ততা বাঢ়ি যোৱাৰ লগে লগে মানুহ বহু পৰিমাণে যান্ত্ৰিক হৈ যোৱা যেন অনুভৱ হয়। সেয়েহে হয়তো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বহু দিন আগতেই ‘শিল্পীৰ পৃথিৱী’ত সকীয়াই দি কৈছিল- “জীৱনত কেৱল আৱশ্যকতাক ৰাখি সৌন্দৰ্য প্ৰয়োগক যদি বাদ দিয়া যায় তেন্তে বোধকৰো মানুহৰ জীৱনৰ সকলো মধুৰতা নাশ পাব। মানুহ মাত্ৰ এটা বুদ্ধিমান পশুৰূপেহে পৃথিৱীত থাকিব”।

ফোন নং ৯৪৩৫০১২১৯১

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…