নিমখ

নীলিম কুমাৰ

ফোন নং: ৯৯৫৪৬২৩০৪৩

দুখৰ দৰে
নিমখ বগা
ধক্ধকীয়া
নিমখ আন একো নহয
দুখ
এই যে পৃথিবীৰ তিনিভাগ পানী
জগতৰেই চকুপানী
য’ৰ পৰা হয় নিমখৰ জন্ম

নিমখ খাওঁ বাবেই
আমাৰ তেজ লুণীয়া
অশ্ৰু লুণীয়া
ঘাম লুণীয়া
আনকি হৃদয়ো

হৃদয়তো দুখৰেই ভঁৰাল
লোণৰেই ভঁৰাল
সেয়েহে হৃদৰোগীয়ে
নিমখ খোৱা প্ৰায় মানা

নিমখ খাওঁ বাবেই
আমি দুখত পৰোঁ
সেয়েহে আমাৰ জীৱনৰ
তিনিভাগেই দুখ

তথাপি নিমখ সকলোৰে প্ৰিয়
নিমখ নহলে আমাৰ পেটলৈ ভাত নাযায়
নিমখ নহলে সকলো সোৱাদ হয় মিছা
আমাৰ জিভাই আটাইতকৈ পছন্দ কৰে নিমখ
কাৰণে অকাৰণে আমি নিমখ খাওঁ
কাৰণে অকাৰণে আমি দুখ পাওঁ
সুখতো আমাৰ চকুলো নিমখীয়া
দুখতো আমাৰ চকুলো নিমখীয়া
শিশুৱে নিমখ নাখায়
সিহঁতক গাখীৰত মিহলাই দিব লাগে আনন্দ
অৰ্থাৎ চেনি
তাৰ পাছত লাহে-লাহে এদিন
সিহঁতেও ভাল পাই উঠে নিমখ

তেতিয়া মাকে প্ৰতিবেশীৰ আগত
ঘোষণা কৰে যে
তেওঁৰ লৰা-ছোৱালীহালে গাখীৰ নাখায়

ভাল পায় কেৱল নিমখীয়া
কেৱল নিমখীয়া

এনেকৈ শিশুবোৰো লাহে-লাহে
নিমখৰ চিকাৰ হয়
দুখৰ চিকাৰ হয়

গছ-গছনিয়েও নিমখ ভাল পায়
নিমখ পালে সিহঁত বাঢ়ে
হাবিৰ জন্তুৱে
নিমখ ভাল পায়নে
নাপায় নাজানো
পালেও ক’ত পায়
কেনেকৈ খায় নাজানো
কিন্তু ঘৰচীয়া গৰু-ছাগলীয়ে
নিমখ ভাল পায়

নিমখ খুৱাই গৃহস্থই সিহঁতক
নিজৰ দুখৰ সমভাগী কৰিব খোজে

এদিন নিমখে মোক সুধিছিল
হাতীৰ সৈতে তাৰ কি সম্পৰ্ক যে
হাতী মৰিলে
নিমখেৰে পুতিব লাগে?

সুধিছিল–
সেই শক্তিশালী জন্তুটোৰ ভিতৰতো
কিবা দুখ আছে নেকি
যে নিমখেৰে ঢাকিব লাগে?

মই উত্তৰ নিদিলো
নিমখক কেনেকৈ বুজাওঁ মানুহৰ বিজ্ঞান
নিমখো আৱেগিক
মানুহ শেষ হৈ গ’লেও
নিমখ থাকিব
পৃথিৱী শেষ হৈ গ’লেও
নিমখ থাকিব

কাৰণ তেতিয়া ঈশ্বৰে চকুলো টুকিব
আৰু চকুলো মানেইতো নিমখ !
নিমখ থাকিব নিমখ থাকিব
ঈশ্বৰৰ চকুলো হৈ

এই ৰহস্যময় আৰু
গভীৰ চৰিত্ৰৰ নিমখ
যিয়ে আমাক ইমান দিছে ইমান দিছে
যিয়ে আমাক দিছে সাঁতুৰিবলৈ

অশ্ৰুৰ এখন সমুদ্ৰ
যিয়ে আমাৰ জীৱনক শিকাইছে
অনন্য সুন্দৰ দুখৰ পাঠ–
সেই নিমখক মোৰ নমস্কাৰ
সেই নিমখক মোৰ নমস্কাৰ!

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…