✍ কাৰ্যবাহী সম্পাদকৰ একাষাৰ

উৎপল কুমাৰ দাস



ঐতিহাসিক অসম একাডেমিৰ পৰা প্ৰকাশ কৰা ‘জাংফাই’আলোচনীৰ এইটো দ্বিতীয় সংখ্যা ৷ এই সংখ্যাৰ পৰা পূৰ্বৰ PDF ফৰমেট পৰিহাৰ কৰি সম্পূৰ্ণ website হিচাপে ‘জাংফাই’ক সজোৱা হৈছে ৷ এই সংখ্যাৰ পৰা জাংফাইক এটা স্বতন্ত্ৰ website হিচাপে প্ৰতি দুমাহৰ মূৰে মূৰে নিয়মীয়াকৈ আলোচনী হিচাপে প্ৰকাশ কৰা হ’ব ৷ অসমৰ লগতে সমগ্ৰ পৃথিৱীৰ অসমীয়া পঢ়ুৱৈয়ে জাংফাইক পঢ়িব পাৰিব ৷ অসমৰ এগৰাকী বৰেণ্য সাহিত্যিক, সংগঠক, গৱেষক বিৰিঞ্চি কুমাৰ বৰুৱাই ৬০ দশকত প্ৰতিষ্ঠা কৰা অসম একাডেমিৰ নিজৰ লক্ষ্য উদ্দেশ্য আৰু সংহতিৰ নীতিক এই আলোচনীয়ে বহন কৰিব পাৰিব বুলি আশা কৰা হৈছে ৷ ৬০ দশকৰ দৰে বিক্ষিপ্ত, বিভ্ৰান্ত আৰু ৰাজনৈতিক বিষবাস্পৰে ভৰি পৰা বাতাবৰণ আমাৰ সমাজত এতিয়াও শেষ হৈ যোৱা নাই ৷ এনে বাতাবৰণত অনৈক্য আৰু অস্থিৰতাবোৰ যাতে আৰু বাঢ়ি নায়ায় তাৰবাৰে আমি বিশেষভাবে সচেষ্ট হ’ব লাগিব ৷ সেয়েহে ‘জাংফাই’ত আমি সকলোধৰণৰ ৰাজনৈতিক,
মতাদৰ্শগত সংঘাত আৰু পৰিস্থিতি উদ্ৰেক কৰিব পৰা লেখা পৰিহাৰ কৰি চলিম ৷ ইয়াৰ পৰিবৰ্তে সকলোধৰণৰ সৃষ্টিশীল লেখাক গুৰুত্ব দিয়া হ’ব ৷ অসমীয়া বহুলোক বৰ্তমান দেশ – বিদেশত নিগাজিকৈ থাকিবলৈ লৈছে ৷ সেই সকলৰ লিখনিও আমি জাংফাইত সন্নিবিষ্ট কৰি ‘প্ৰৱাসীৰ শিতান’ এটা সংযোজন কৰিবলৈ আগ্ৰহী ৷ উদ্ভাৱনশীল, কলা-সংস্কৃতি – শিল্প বিজ্ঞান – প্ৰযুক্তি, অনুবাদ আৰু সাহিত্যৰ বিৰ্তকবহিৰ্ভূত লেখাকহে গুৰুত্ব দিয়া হ’ব ৷ এইবোৰৰ উমাল চৰ্চাৰ মাজেৰে ‘জাংফাই’য়ে সংহতি আৰু সম্ভাৱনাৰ লক্ষ্যলৈ আগবাঢ়িব পাৰিব বুলি আশা কৰা হৈছে ৷ সকলো স্তৰৰ লোকৰ পৰা সহযোগিতা কামনা কৰা হ’ল ৷

উৎপল কুমাৰ দাস
ফোনঃ ৯৪৩৫০১২১৯১

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…