ডাইনী ধনিকৰ সৃষ্টি

✍তিলোত্তমা বৰুৱা

সিহঁতৰ অনায়াস গতিত আছিল
আদিম মানৱৰ গুহাৰ ভাস্কৰ্য
শিৰত সূৰ্য লৈ প্ৰাচীন বৃক্ষৰ দৰে
শৰীৰত আছিল সীৰলুৰ সুৰভি
সিহঁতে বিলাইছিল সঞ্জীৱনী ছায়া
নিফুট ভাষাৰে সিহঁতে বিলাইছিল |
অক্ষয় স্নেহ আৰু চিৰায়ত প্ৰেমৰ সম্বাদ৷
সিহঁতৰ স্থায়ী ঠিকনা আছিল মন্দিৰ
আমি জানো
প্ৰতিখনি ঘৰেই মন্দিৰ
সিহঁতৰ দৃষ্টিত ফুলিছিল কদম ফুল
হালিজালি নাচিছিল
ধান যৱ বজৰাৰ থোক
দৃষ্টি ৰুদ্ধ কৰি কিয় বান্ধি দিলা সাত তৰপীয়া কাপোৰ
সিহঁতক কৰিলা গান্ধাৰী ৷
থাপনাৰ পৰা টানি নিলা
শ্মশানৰ ফালে ৷
সিহঁতৰ প্ৰাণান্তকৰ আৰ্তনাদ
ঢাকি কৰা অট্টহাস
তেনেকৈয়ে টানি আছা প্ৰগতিৰ পুৰাতন ৰথ৷
অসহায় বিধৱাৰ চাৰিকঠা মাটি
চহকীৰ সীমাৰ দাঁতিত
তাইকো বুলিলা ডাইনী
তাইৰ শৰীৰত ঢালিলা তপত পানী
চুলিকোছা কাটিলা ডবুৱা কটাৰিৰে ৰেপি ৰেপি
তাই মৃতপ্ৰায়, চৰ ভুকু খাই
ফলাফল
সন্তৰ্পণে চাৰিকঠা মাটি চহকীৰ আটোমটোকাৰি
চৌহদত অন্তৰ্ভুক্ত
দুখীয়াৰ ঘৰ উজ্বলাই দীপলিপ সোণৰ পুতলী
নেফানেফ কৰিবলৈ সুৰুঙা নেপালা বিচাৰি
তাইৰ মাক-বাপককো বুলিলা ডাইনী৷
বৃহন্নলাৰ সমাজত বিত্তই মহত্ব, পাশৱিক শক্তিয়ে কৃতিত্ব বৰ্তমান সীতা ৰাধা প্ৰিয়ম্বদা সকলো ডাইনী
তাৰকা, পুতনা, সকলো মহীয়সী পূণ্য শ্লোক
ভষ্মাসুৰ, কালীনাগ, পূজ্য ৷
আলোক পতাকা তুলি অন্ধকাৰক কৰি পূজা
পাতাললৈ ঠেলি দিলা
কল্যাণৰূপিণী শান্তি সীতা
বিজ্ঞৰ সভাতে বিবস্ত্ৰা দ্ৰৌপদী
প্ৰৌঢ় পালকৰ হাততে লুণ্ঠিত
আঁজলী কিশোৰী শকুন্তলা ৷

তিলোত্তমা বৰুৱা
ফোন : ৯৮৬৪০ ৪৯৬০১

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…