উকমুকনি

ডলী নাথ

জেওৰা ভাঙি সোমাই আহিল ফাগুন এজাক

তাই তালফাল খাই পৰিল পিৰালিত

কাইলৈ সিও অহাৰ কথা !

তাই তাক ক’ম ক’ম বুলি সাঁচি ৰখা কথা এমুঠি

আজি ৰ’দত দিছে

ৰাতি শুবৰ পৰত মোক কৈছিল

কথা মুঠি হেনো সেমেকা সেমেকা গোন্ধাইছে

কাইলৈ সি অহাৰ কথা !

সিদিনা চলিব ধৰা নাওখনত উঠিব পৰাকৈ

তাইৰ ওচৰত বহুতো কাৰণ আছিল

নৈৰ সিপাৰে ব’হাগ ৰৈ থকাৰ খবৰ পায়ো

ইপাৰৰ ফাগুন এৰি যাব পৰাৰ কাৰণ বহুতো আছিল

নাওখন গুছি গ’ল

তাই ইপাৰতেই ৰ’ল ৷

সি আহিছিল কিছুপৰ পিছত,

লগতে আহিছিল গুলঞ্চৰ সুবাস

তাইৰ পদূলিত গুলঞ্চ নুফুলে,

কি জানো আৱেগৰ খেলিমেলি হ’ল ৷

তাই ৰৈ গ’ল ৷

উকমুকনি এটা মোৰ বুকুত গুজি

তাই সাৰে থাকিল গোটেই নিশা

কাইলৈ সি অহাৰ কথা !

 ২

নাৰিকল জোপাত বহি

ৰ’দজাকে টোপনিয়াই আছিল…

তাই মুখত হালধি ঘঁহিছে

আজি সি অহাৰ কথা !

জপনাৰ শব্দত

তাই চোতাল পালেহি ৷

তাক দেখি সৰি পৰিল ফাগুন এজাক

তাইৰ বুকুৰ খিৰিকীৰে সৰকি গ’ল এচলু ৰঙা

কৃষ্ণচূড়া…

ৰ’দজাক কোচতে লৈ

গাতে লাগো নলগাকৈ

তাই বহিল তাৰ ওচৰতে…

কওঁ নকওঁকৈ তাই কৈ গ’ল…

– ‘মোৰ প্ৰায়েই তোলৈ মনত পৰে…

তোলৈ চাই থাকোঁতেও তোলৈ মনত পৰে

মোক ‘মোৰ’ দৰে

তোক ‘তোৰ’ দৰে

আমি ইজনে সিজনক নেদেখিলো কাহানিও ৷

যি দেখিলোঁ, সেয়া মাথো ভগ্নাৱশেষ ৷

লগ পোৱা নহ’ল কাহানিও

কথা পতা নহ’ল কাহানিও…’

কি জানো উত্তৰ বিচাৰি তাই তালৈ চালে,

টোপনিৰ ভৰত সি

হাউলি পৰিছিল ৰ’দজাকত

তাৰ চোলাৰ জেপৰ পৰা সৰি পৰিল

এপাহ গুলঞ্চ,তাই পদূলিলৈ চালে

নাই !

এইবেলিও ফুলা নাই গুলঞ্চজোপা…

ডলী নাথ
ফোন: ৭৮৯৬৯৯৯২৭৩

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…