মেঘৰ ডেউকা

প্ৰয়াগ শইকীয়া


আকাশ ভালপোৱা মানুহে ভাল পায়

মেঘৰ ডেউকা

চৰাই হোৱাৰ কাৰনো নাথাকে বাসনা

আমাৰ ডেউকা নাই

মুদ্ৰাৰে উৰোঁ

প্ৰেম ব্যথিত হ’লে মেঘদূতক মাতোঁ

মোৰ চিঠিখন লৈ যাবানে

মেঘ গধুৰ হ’লে অশ্ৰু হৈ সৰে

আকাশৰ অশ্ৰুতেই মাটিৰ কবিতা ওপজে

ডেউকা মেলা কবিতাই সদায়

আকাশলৈ চাবলৈ কয়

শুকুলা ডেউকাৰে দৃষ্ট আকাশে যে দিয়ে প্ৰশান্তি

আকাশী-প্ৰেম সঁচাই বৰ্ণাঢ্য

যাৰ বাবে হিয়াৰ তুষাৰ সলিল হয়

সলিল হয় মেঘ ৷

(চিত্ৰশিল্পী হেমন্ত মিশ্ৰৰ ছবিৰ আধাৰত)

প্ৰয়াগ শইকীয়া
ফোন: ৯৯৫৪৭১৩৩৮৪

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…