কুঁৱলীৰ
ৰোমাণ্টিচিজম কমি গৈছে
কাৰণ
শীতত আন্ধাৰৰ মাজেৰে
ওলাই আহিছে
শিলবোৰ
মৰা গছৰ ডালবোৰ
যোৱা শীতত
পেণ্টৰ পকেটত হাত
ভৰাই থৈছিলোঁ
আজি সত্তা
চিৰাচৰ কৰি ওলাই
আহিছে
শীতৰ ফুলবোৰ
ফলবোৰ
এই শীতে ঢালিছে
মৰি যোৱা অতীতবোৰ
ঢৌৱাই দিছে
নষ্টালজিয়াবোৰ
দুপৰীয়াৰ
ফুলৰ বাগিচাৰ এটা গাগিনীয়ে
কঢ়িঁয়াই নিছিল
মৰি যোৱা
সময়ৰ মুহূৰ্তবোৰ ৷
এম.কামালুদ্দিন আহমেদ
ফোনঃ ৯৮৫৪৩৯৮৪




