কাৰ্যবাহী সম্পাদকৰ একলম

উৎপল কুমাৰ দাস

জাংফাইৰ এইটো তৃতীয় সংখ্যা,ইংৰাজীৰ মাৰ্চ মাহ ৷ অসমীয়া ফাগুন মাহ,তাৰমানে সমাগত বসন্ত ৷ আমি দেখোন এই সংখ্যাক ‘বসন্ত সংখ্যা’ বুলিও অভিহিত কৰিব পাৰোঁ ৷ তেনেহ’লে অহা সংখ্যাতো হ’ব ‘গ্ৰীষ্ম সংখ্যা’ ৷ নগৰ-মহানগৰৰ কংক্ৰীটৰ অৰণ্যত মানুহৰ ঋতুৰ কথা মনত নপৰিলেও ঋতুৱে কিন্তু নাপাহৰে সময়ৰ কথা ৷ মানুহৰ বন্ধ নাক, শুকান ডিঙি, এলাৰ্জীয়ে বসন্তৰ সংকেত দি দিয়ে ৷ বজাৰৰ আজিকালিৰ বাৰমহীয়া ফুলকবি, বন্ধাকবিৰ মাজতে জিলমিল, মাটিকাঁদুৰী, খুতুৰা শাকে বাৰমহীয়া পাচলিৰ মাজতে আমাক মনত পেলাবৰ চেষ্টা কৰে ঋতুৰ পৰিৱৰ্তনৰ কথা, বসন্তৰ কথা ৷ আমি মানুহে কৰ্মব্যস্ততাৰ বাবেই হওক বা অন্য কাৰণৰ বাবেই হওক ঋতু পৰিৱৰ্তনৰ ভূ নাপাওঁ বা নলওঁ ৷

সাহিত্যও তাৰ ব্যতিক্ৰম নহয় ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ পাটমুগী গল্পৰ পকা ঔ টেঙাৰ উল্লেখ নিশ্চয় এই বসন্ত কালৰ গল্প ৷ গতিকে ঋতুৰ লগত সংগতি ৰাখি দুই-এটা গল্প বা কবিতা জাংফাইত প্ৰকাশ কৰিব পাৰিলে হয়তো জাংফাইৰ সৌন্দৰ্য বাঢ়িলেহেতেঁন ৷ লেখক-লেখিকা সকললৈ এটি অনুৰোধ ৷

উৎপল কুমাৰ দাস

ফোন: ৯৪৩৫০১২১৯১

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…