মোৰ জিভা নাই

কৌশিক বাস্যস

ষড়যন্ত্ৰ আৰু ষড়যন্ত্ৰৰ সন্দেহ দুটা বেলেগ বস্তু।

মোৰ ইমানবোৰ জিভা নাই

প্ৰতিধ্বনিবোৰৰ কথা ক’বলৈ

সাহিত্যৰ, সম্ভোগৰ, সংস্পৰ্শৰ।

কেতিয়াবা কোনো কাহিনীৰ অন্ত নাথাকে

কোনো ৰাস্তাৰ লক্ষ্য নাথাকে

সেইবোৰক তেনেকৈ এৰি থৈ অহাই ভাল

আটাইতকৈ ভাঁজ লগা পাকটোৰ পৰা

আঁতৰি অহাই ভাল।

যদিওবা মন যায় দৌৰি ফুৰিবলৈ

মেঘৰ দৰে

আকাশৰ ওপৰেদি

দুখবোৰ বৰষুণ হৈয়েই পৰে–

সকলোৰে শেষত যেতিয়া

শূন্যতা

বেলুন নে চিলা

কোন কিমান ওপৰলৈ

আকাশৰ ওচৰলৈ

বেলেগকৈ চোৱাৰ অৱকাশ নাথাকে৷

কথাটো অচল মানুহ এটাক সাগৰ পাৰত

এৰি থৈ অহাৰ নিচিনা

ভৰিত ঢৌৰ স্পৰ্শও অনুভৱ কৰিব নোৱাৰে

ক্ষয় হ’বলৈ কোনেনো বিচাৰে

মাটি হ’বলৈ

স্থায়িত্বৰ ধাৰণাই তথাপি খুন্দা মাৰে

মোৰ ইমানবোৰ জিভা নাই

সংশয়ক সংশয়ৰ সম্ভাৱনাৰপৰা নিলগাই দেখুৱাব পাৰে ।

কৌশিক বাস্যস
ফোনঃ ৯৪৩৫২৪৬৫১১

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…