এই সময়

হৰেকৃষ্ণ ডেকা

মই শিশুবোৰৰ খেলৰ কোৰ্হাল শুনিছোঁ।

চাইকেল আৰোহীজনে পেডেল মৰাৰ শব্দ মই শুনিছোঁ।

সিহঁত উভতি আহিব নে নাহে মই নাজানো।

বতাহত ইমান আতংক !

বতাহত ইমান গেলা গোন্ধ!

সময়ৰ এই অনিশ্চয়তা!

নে অনিশ্চয়তা জীৱনৰ হে!

মই নাজানো, কিন্তু মই

বন্ধ ঘৰৰ ভিতৰৰ পৰা ওলাব লাগিব।

মই ভয়ত নিচিঞৰোঁ ।

মই কিজানি ইতিমধ্যে মৃত!

অ’ মই চিঞৰিম। মই ক’ম,

‘মই ভয় নকৰোঁ।’

হয়তো কোনোবাই শুনিব।

হৰেকৃষ্ণ ডেকা

ফোন নং:৯৭৬৪০২৩৬০২

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…